Posts

Showing posts from March, 2020

জনতা কাৰ্ফিউ নো কি ? What is Janata curfew in assamese

Image
জনতা কাৰ্ফিউ দিলে কেনেকৈ ক'ৰণা ভাইৰাছৰ লগত যুঁজিব ??? 🤔🤔🤔 আপোনাৰ দৰে মোৰ মনতো এই প্ৰশ্নৰ উত্থাপন হৈছিল !!!! জানো আহক এই জনতা কাৰ্ফিউ পালন কৰি আমি কেনেদৰে ক'ৰণা ভাইৰাছক প্ৰতিহত কৰিব পাৰিম । ক'ৰণা ভাইৰাছৰ জীৱনকাল যিকোনো নিৰ্জীৱ বস্তুৰ ওপৰত অতি বেছি ১২ ঘন্টা । জনতা কাৰ্ফিউৰ সময় ১৪ ঘন্টা । গতিকে সেই সমূহ ৰাজহুৱা স্থান , যান-বাহন আদিৰ লগত নিৰ্জীৱ বস্তু যি সমূহ ক'ৰণাৰ ভাইৰাছৰ সংস্পৰ্শলৈ আহিছিল ১৪ ঘন্টা যদি কোনোৱে স্পৰ্শ নকৰে তেনেহলে ক'ৰণা ভাইৰাছৰ সংক্ৰমণৰ চেইন ডাল ভাঙি যাব। তাৰমানে ১৪ ঘন্টাৰ জনতা কাৰ্ফিউৰ পিছত আমি এখন ক'ৰণা মুক্ত দেশ পোৱাৰ সম্ভাৱনা আছে, যদি সকলোৱে ইয়াক ভালদৰে পালন কৰো। জনতা কাৰ্ফিউৰ আৰৰ কথা এইখিনিয়ে । আহক সকলোৱে ইয়াক ভালদৰে পালন কৰো আমাৰ এক সুৰক্ষিত ভৱিষ্যতৰ বাবে । ইয়াৰ পিছতো দৰকাৰ পৰিলে চৰকাৰে যি ধৰণে ঘোষণা কৰে সকলো কাৰ্যসূচী পালন কৰিলে আমি ভাৰতত হয়তো ইটালীৰ দৰে ভুগিব নালাগিব।

কৰণা ভাইৰাছ বিষয়ে চমু about Corona virus in assamese

Image
ইটালীৰ ভূলৰ পৰা শিক্ষা লওক।        কৰ'ণা ভাইৰাছৰ সংক্ৰমন বাঢ়িয়েই আছে । W.H.O য়ে এতিয়া ইয়াক Pandemic বুলি ঘোষণা কৰিছে। কোনো ৰোগ নিম্নোক্ত চাৰিটা অৱস্থাত Pandemic কোৱা হয়-       1) Spreading Multiple Countries.        2) Spread fast.       3) No Medicine.       4) We are not Immune.   অৰ্থাৎ বহু দেশলৈ বিয়পি পৰা, দ্ৰুততাৰে বিয়পা, কোনো ঔষধ নথকা আৰু আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই যাক বাধা দিব নোৱাৰে। আমাৰ ইমিউন চিষ্টেম বা ৰোগ প্ৰতিৰোধ ক্ষমতাই এই ৰোগ অহাত বাধা দিব নোৱাৰে, কৰ'ণা ভাইৰাছৰ সংস্পৰ্শলৈ আহিলে ৰোগ হবই।  ৰোগ ভাল হোৱাৰ ক্ষেত্ৰতহে ইমিউন চিষ্টেমে কাম কৰিব। কিন্তু ভাল হোৱাৰ আগলৈকে তলৰ তিনিটা পৰ্যায়ৰ মাজেৰে পাৰ হবলৈ লাগিব।             1) Cold.             2) Flue.             3) Pneumonia.   তাৰোপৰি ভাল হবলৈ Medical Care ৰও প্ৰয়োজন হয়,ICU ত থাকিব লগীয়া হয়। ভাইৰাছ সংক্ৰমণৰো তিনিটা পৰ্যায় আছে- ...