মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ|| shankar dev
‘বোৱালা ধৰ্ম সোত দিলা ধৰ্ম
দিলা গ্য়ন
দিলা ভাষা
অসম্ক কৰিলা জীৱ্ন দান|
তোমাৰ জীৱনী দেৱ লিষে এনে সাধ্য় কাৰ
তোমাৰ জীৱনী দেৱ লিষে এনে সাধ্য় কাৰ
গোটেই অসম
জুৰি বিস্তত জীবনী যাৰ'
প্থিবীত যেতিয়া ধৰ্ম ৰ গ্লানি হয়| তেতিয়া স্থান কাল পাত্ৰ্ৰ ভেদে একো একো জ্ন
ম্হাপুৰুষে জন্ম গ্ৰ্হন কৰি ধৰ্মৰক্ষা কৰিবলৈ আৱিভৃত হয়| এনে এজ্ন মহাপুৰুষ শ্ৰীমন্ত শংকৰ
গুৰু| অসমৰ সমাজ সংস্কৃতি ভাষা সাহিত্য়ৰ যেতিয়া আন্দাৰ যুগ আহিল, ঋষি মুনিয়ে লিখি
থই যোৱা বেদ ঊপনিষ্দৰ কথা যেতিয়া মানুহে পাহাৰি পেলালে, দেৱ দেৱিৰ নামত পূজা কৰি
যেতিয়া জীৱ জ্ন্তুৰ বলিদান প্ৰ্থা জোৰাকৈ চলালে আৰু নিজৰ ভোগ সুখৰ বাবে যেতিয়া
সমাজ দুৰ্নীতি অনাচাৰ ব্য়ভিচাৰ আদিত লিপ্ত হল|এনে এতা চৰম দুযোগৰ সময়তে শ্ৰীমন্ত শংকৰ দেৱে নগাওৰ বৰদোৱা আলি-পুখুৰীৰ
কুসুম্বৰ ভুয়া ৰ ঔৰষ্ত সত্য়সন্ধ্য়াৰ গ্ভ্ত অবতাৰ হল 1371 শ্কত (ইং 1449
খ্ৰীষ্টাব্দ্ত)|
কুষুম্বৰ ভুয়াৰ দুগৰাকি পত্নী আছিল|
সত্য়সন্ধা আৰু অনুধৃতি | অনুধৃতিৰ পুত্ৰ ব্ন্গয়া | সত্য়সন্ধাঈ কেচুৱা শংকৰক এৰি
মৃত্য়ুৰ মুখত পৰিল | বুঢ়ি মাক খেৰসূতীয়ে তেওক তুলি-তালি দাঞৰ দিঘ্ল কৰিলে
শ্ৰীমন্ত শংকৰদেৱে সৰুৰে পৰাই বলী, সাসহী
আৰু নিৰভীক আছিল|ক্থিত আছে, এদিন তেও এতা দাঞৰ ষাড় গৰু এতা বগৰাই পেলাইছিল |
বাৰিষা ভৰা ব্ৰ্হ্মপুত্ৰ সাতুৰি পাৰ হব পাৰিছিল | লৰালি কালৰ কেইবাতাও বছৰ
নানাভাৱে ধিতিঙআলি কৰি কটাই দিয়াৰ পিছ্ত এদিন বুঢ়িমাকে গালি- শ্পনি পাৰি,
গা-পা ধুৱাই ম্হেন্দ্ৰ কন্দ্লি ওজাৰ টোল্ত
থৈ আহিল| সেই দিনা আছিল ভাদ মাহৰ এটা শুভ বৃহস্প্তিবাৰ| তেওৰ বিদ্য়া শিক্ষাৰ আৰম্ভ
হল | অলপ দিনৰ ভিতৰতে শংকৰদেৱ আন আন মেধাবি ছাত্ৰৰ ল্গ্ত ফেৰ মাৰিব পৰা হল| ক্থিত
আছে,’ক’-ফলা শিকি বাৰেমতৰা জোটাবলৈ নৌপাওতেই তেও লিখি ---
‘ কৰতল কমল
কমলদল নয়ন।
ভৱদৱ-দহন গহন বন শয়ন।
খৰতৰ
বৰশৰ হতদশ বদন।
খগচৰ
নগধৰ ফনধৰ শয়ন।
নপৰ নপৰ
পৰ শৰতৰ গময়।
সভয় মভয় মম হৰশত
তয়।
জগ দঘমপ
হৰ ভৱ ভয় তৰণ।
পৰ পদ লয়
কৰ কমলজ নয়ন।
এই সুন্দৰ কবিতটি । কবিতাৰ
দৰে শ্লোক ৰচনাতো সোন্কালে ব্য়ুপত্তি লাভ কৰিলে। অতি কম সময়ৰ
ভিতৰতে তেও চাৰি বেদ, চৈধ্য় শাস্ত্ৰ আৰু ওঠৰ পুৰাণ অধ্য়য়্ন কৰি বিদগ্ধ পান্ডিত্য়ৰ
পৰিচয় দিলে। টোল্ত থ্কা সময়ত যোগ শাস্ত্ৰ পঢ়ি অৰু যোগ অভ্য়স কৰি এই বিষয়তো
পাৰদৰ্শিতা লাভ কৰিলে।
শিক্ষা শেষ কৰি তেও ঘৰলৈ ঘুৰি আহি তেও
শিৰোমনি ভুঞাৰ বিষয়-বাব লয়। ২১-২২ ব্ছৰ বয়্ষ্তে তেও হৰিবৰ গিৰিৰ ছোৱালী সৃৰ্যবতীক
বিয়া কৰাই। তিনি বছৰ পাছ্ত মুন নামেৰে ছোৱালি এজনি জ্ন্ম হয়।মুনৰ ন মাহ বয়ষ্তে
সুৰ্য্বতীৰ মৃত্য়ু ৰ মুখ্ত পৰে। ১৪২৫ শকত তেও দ্বীতিবাৰ ৰাম ভুঞা ৰ কন্য়া কালিন্দীক
বিয়া কৰায়। ৰামান্দ ঠাকুৰ, কমল লোচ্ন আৰু হৰিচৰণ তেওৰ পুত্ৰ সন্তান আৰু ৰুক্মিণী
তেওৰ কন্য়া ।
প্ৰ্থম পত্নীৰ মৃত্য়ুৰ পাছ্তে শংকৰ দেৱ ১৪০৩
শ্কত ৰামৰাম, সৰ্বজয়, পৰমান্দকে আদি কৰি ১৭ জন লগৰিয়া লৈ ভাৰতৰ বিভিন্ন ঠাইৰ
তীৰ্থসমৃহ ভ্ৰমন কৰিবলৈ যাই। শ্ৰী ক্ষেত্ৰ, গংগা, সীতাকুন্ড, বৰাহ্ক্ষেত্ৰ, পুষ্কৰণী ক্ষেত্ৰ, মথুৰা, বৃন্দাৱ্ন, আদি তীৰ্থ ১২
বছৰ ধৰি ভ্ৰ্মণ কৰি উভ্তি আহে। গুৰু জনাই ৯৭ বয়্ষত মাধৱদেৱ , ৰামৰাম , নাৰায়ণ ,
গোবিন্দ, উদাৰ আদি ছ্কুৰি ভ্ক্তৰ সতে দ্বিতীয়্বাৰ তীৰ্থ ভ্ৰ্ম্ণ কৰিছিল।
প্ৰ্থ্ম বাৰ তীৰ্থ ৰ পৰা ধুৰি আহি তেও বন্ধু
বান্ধৱৰ অনুৰোধ্ত ‘চিহ্ন-যাত্ৰা’ নাট ৰচ্না কৰি ভাওনা কৰে। এই চিহ্ন যাত্ৰা নাটৰ
ভাওনা দেখি সকলো ৰাইজে তেও ৰ প্ৰতি প্ৰগাঢ ভক্তি জ্ন্মিল । ইয়াৰ লগে লগে তেওৰ
জীৱনত ডাঙৰ পৰিবৰ্তন ঘটিল। শংকৰ ভৃঞা ভ্ক্তি ধৰ্ম সংস্থাপক শংকৰ গুৰুত পৰিণিত হল। শীক্ষা
গুৰু মহেন্দ্ৰ কন্দলী, সতীৰ্থ ৰামৰাম , চতুৰ্ভুজ কবিৰত্ন, বিদ্য়াৰত্ন আদিয়ে তেওৰ
ওচৰত শৰণ লয়। অসমত নৱ বৈষ্ণৱ ধৰ্মৰ জোৱাৰ উঠিল। অসম্ ৰ ধৰ্মাকাশৰ কলা ডাৱৰ আতৰিল।
তাল,খোল, আৰু ভোৰ তালৰ শব্দই অসম ৰ বতাহ ৰজন জনাই গল।
মাধৱদেৱ আছিল শংকৰ দেৱৰ প্ৰিয় শিষ্য়----
‘মাধৱ-বান্দব’। মাধবদেৱে প্ৰ্থ্মে শাক্ত আছিল। আৰু শংকৰদেবৰ ওচৰত তৰ্ক কৰিবলৈ
আহিছিল। তৰ্কত হাৰি তেও শংকৰ দেবৰ শিষ্য়ত্ব গ্ৰহণ কৰে। ইয়াৰ পিছ্ত দুয়োজনে লগ লাগি
সমগ্ৰ অসম্তে বৈষ্ণ্ব ধৰ্ম প্ৰচাৰ কৰিবলৈ লাগি যায়। শংকৰ মাধৱৰে মিলনকে ‘মণি-কাঞ্চন’
সংযোগ বুলি কৱ পাৰি। শংকৰ দেৱৰ ধৰ্ম ৰ
সংখ্য়া, বেদান্ত আৰু ভাগৱত পুৰাণৰ সাৰ মৰ্মৰ ওপৰত প্ৰতিষ্টিত । তেওৰ মতে ধৰ্মৰ মৃল
বস্তু ঈশ্বৰৰ নাম। ঈশ্বৰৰ চিন্তাৰ প্ৰধান ক্ষেত্ৰ মানুহৰ বিষুদ্ধ হৃদয় আৰু বিশুদ্ধ মন। সৎ চিন্তা আৰু সৎ ভাবে
মানুহক যিমানে নিকা কৰে,সিমানে ঈশ্বৰক উপলব্ধি কৰা সহজ হয়।
তেওৰ ধৰ্মত সকলো সমান। জাতি বা মানুহৰ
সৰু ডাঙৰ
বা উচ্চ- নীচ নাই।
“কুকুৰ, শৃগাল,গৰ্দভৰো আত্মাৰাম।
জানিয়া সৱাকো
পৰি কৰিবা প্ৰ্নাম।“
সকলো ব্ৰক্ষৃমান্ডৰ যি এক মাত্ৰ অধিপতি
সেই বিৰাট পুৰুষৰ আদৰ্শ উদ্বাৰ কৰি, নিষ্কাম ভাবে তাৰ উপাসনা কৰি< কেনেকৈ সকলো কামনাৰ নিবৃত্তসাধন কৰি মুকুতিৰ পথত অগুৱাব পাৰি তাৰ সন্ধান অসমিয়া
সমাজক দি থ্য় গৈছে।
শংকৰদেৱে
বৰদোৱাত নাম ঘৰ সাজি ভক্তিৰ প্ৰথম খুটি মাৰি সত্ৰ আৰু নাম্ঘৰ্ৰ বীজ ৰোপন কৰে। ধোৱাহাট,বেল্গুৰি, পাটবাউসী, আদি ঠাইত মহাপুৰুষে
সত্ৰ পাতে। নাম ঘৰ অসমীয়া জাতিয় নাট্য় শালা। নব প্ৰতিষ্টিত
এই সত্ৰ বোৰক কেন্দ্ৰ্ৰকৰি বৈষ্ণ্ব
ধৰ্মৰ আৰু বৈষ্ণ্ৱ সাহিত্য় “নিৱাত-নিষ্কম্প
ইৱ প্ৰদিব”: ব্তাহ নলগা নকপা চাকিটিৰ দৰে জ্বলি থাকিল।
শংকৰদেৱ
অকল ধৰ্ম প্ৰচাৰকে নাছিল। তেও আছিল বহুৰৃপি প্ৰতিভাৰ আকাৰ স্বৰৃপ। তেও আমাৰ
ভাষা সাহিত্য়ৰ জনক। ৰচনাৰ ৰীতি আৰু ৰৃপ অনুসৰি তেওৰ সাহিত্য়ক ৬ টা ভাগ কৰা
হৈছে: অনুবাদ্মুলক, কাব্য়, নাট,গীত, নামপ্ৰ্সংগ, সম্ব্ন্ধীয় অৰু ভ্ক্তিতত্বমৃলক।
অনুবাদ সাহিত্য়ৰ ভিতৰত দশম,কাব্য়-সাহিত্য়ৰ
ভিতৰত হৰিশ্চন্দ্ৰ আৰু ৰুক্মিনি-হৰণ অন্য়তম। পত্নীপ্ৰ্সাদ,কলিয়াদমন, কেলিগোপাল,
পাৰিজাত হৰণ আদি ৬খ্ন নাট লিখে।
গীত সাহিত্য়ৰ ভিতৰত বৰগীত আৰু ভটিমা অনুপম
দান। ডঃ কাকতিৰ ভাষাত কব পাৰি –“বৈষ্ণ্ৱ আন্দোল্নে ইমুৰৰ পৰা সিমুৰলৈ যি
আধ্য়াত্মিক ভাবৰ খলক লগাইছিল , যি ভ্ক্তিৰ উচ্ছাস স্জাগ কৰি তুলিছিল, আমাৰ বৰগীত
বোৰ সেই খ্লক আৰু উচ্ছ্বাসৰ প্ৰ্তিধ্ব্নি মাথো।“
কীৰ্তন তেওৰ নাম প্ৰসংগৰ সম্ব্ন্ধীয় পুথি।
কীৰ্তন মহাপুৰুষ্জনাৰ সাহিত্য়ৰ বিজয় স্তম্ভ। ই প্ৰতিজন অসমীয়াৰে অতি অপোন,চিৰ
পৰিচিত এক আপুৰগিয়া সম্প্দ। কীৰ্তনত হৰ্ষ-বিষাদ,প্ৰেম-বিৰহ অদি নৱ ৰসৰ সোৱাদ আছে।
শাস্ত্ৰৰ সাগৰ মথি,শ্ৰ্বণ কীৰ্তন ভ্ক্তিৰে এজন পৰমেশ্বৰক ধ্য়ান কৰি ৰসময়ী ভ্ক্তিৰ
সাগৰত অমৃত পান কৰিবলৈ মহাপুৰুষে কীৰ্তনত আমাক উপদেশ দিছে।
ভক্তি-ৰত্নাকৰ(সংস্কৃত),ভক্তি-প্ৰ্দীপ, আনাদি পাতন আৰু নিমিনব সিদ্ব সংবাদ আদি
তেওৰ তত্ত্ব গ্ৰ্ন্থ।
প্ৰাই ছ্কুৰি বছৰ জীয়াই থকি অসমীয়া জাতি
,অসমীয়া সমাজ আৰু অসমীয়া ভাষাক নতুন ভেটিত প্ৰ্তিষ্টা কৰি ১৫৬৮ চ্নত
(১৪৯০শ্ক)কোচ্বিহাৰত গুৰুজনাই বৈকুণ্ঠ প্ৰয়াণ কৰে।
Comments
Post a Comment