মানৱ সভ্য়তাত বিজ্ঞানৰ অবদান
![]() |
অসমীয়াblog |
মানুহৰ কামনাৰ অন্ত নাই। অনন্ত কামনাই মানুহক কৰ্মচন্চল কৰি ৰাখিছে। মানুহে নোপোৱাটো পাবলৈ নেদেখাটো চাবলৈ সদায় ব্য়গ্ৰ। তাৰ ফলত মানুহে
প্ৰকৃতিৰ বুকুত সৰ্ব্স্ব উদ্ঘাট্ন কৰি আৰু প্ৰতিটো উপকৰণ আহৰণ কৰি সুখ সমৃদ্ধি বৃদ্ধি
কৰাৰ লগতে প্ৰ্ৰকৃতিৰ বুকুত মানুহৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে। আজিৰ যুগত প্ৰকৃতিৰ
বুকু উদঙাই চিৰসন্সিৰিত সম্পদবোৰ
আহৰন কৰি পৃথিবী বিনন্দিয়া কৰি তুলিবলৈ মানুহক অহৰ্নিশে আহ্বান জনাইছে। সেই
আহ্বানৰ প্ৰতি সাহৰি জনাই যি জাতিয়ে যিমান পৰিমানে প্ৰকৃতিক অধ্য়ন কৰি প্ৰকৃতিৰ
বুকু খুলি চাবলৈ প্ৰয়াস কৰিছে সেই জাতিয়ে সিমানে দ্ৰুততাৰে অগ্ৰগ্তিৰ প্থত আগবাঢ়ি
বিশ্ব দৰবাৰত বিজয় ডবা বজাব পাৰিছে, গৌৰৱৰ ধ্ব্জা উৰুৱাই নিজৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন
কৰিব পাৰিছে। যিদিনা গেলিলিওৱে সূৰ্য স্থিৰ আৰু গ্ৰহ উপগ্ৰহবোৰহে তাৰ চাৰিও ফালে পৰিভ্ৰমন
কৰে বুলি প্ৰমান কৰি দেখুৱাইছিল সৈদিনা মানুহে তেওক নাস্থিক, ধৰ্মদ্ৰোহী বুলি
কাৰগাৰত বন্দী কৰি থৈছিল। জজ ষ্টিফেন্চনে ৰেলগাড়ী চলাই দেখুৱাততে তাক ভুত-প্ৰেতৰ
লীলা বুলি কাৰগাৰত বন্দী কৰি থৈছিল। আজি সেই মানুহেই বিজ্ঞানক সাবটি লৈ মহাবিশ্বত
পাৰি দি বিজয় ঘোষণা কৰিছ, বিজ্ঞানৰ জয় গান গাইছে
জুই আৰু
লো আবিস্কাৰ হোৱাৰ দিন ধৰি বিজ্ঞানে জগতত নিজৰ স্থান প্ৰতিষ্ঠা কৰি লৈছে। লগে লগে
বাষ্পৰ অসীম শ্ক্তিৰ প্ৰভাৱ মানুহৰ বোধ্গম্য় হোৱাত বিবিধ আবিষ্কাৰৰ পথ সুগম হল।
ভাপ ইঞ্জিন আবিষ্কাৰ হোৱাৰ পাছৰে পৰা ৰেলগাড়ী প্ৰচলন হৈ দীঘলীয়া পথবোৰ চমু কৰি
তুলিলে।নানা সম্ভাৰ, সামগ্ৰী এঠাইৰ পৰা আন ঠাইলৈ নিয়াত সহজ হল। পেট্ৰল আবিষ্কাৰ
হোৱাৰ পাছত পেট্ৰল ইঞ্জিন ওলাল; আৰামত দ্ৰুতবেগেৰে অলৈ তলৈ যাত্ৰা সুগম হৈ পৰিল।
ডিজেল ইঞ্জিনো ওলাল । তাৰ ফলত গধুৰ বোজাবোৰ ৰেলপথ নথকা ঠাইলৈকো কম খৰছ্তে অনা নিয়াৰ
সুচল হল। যাতায়তৰ এই সুচলে মানুহক আদিম যুগৰ হাবিৰ মাজৰ সুৰসুৰিয়া ভয়াবহ বাটৰ পৰা
আনি শিল্গুতি দিয়া মুকলি বাটলৈ আনিলে; তাৰ পাছ্তো পিচ দিয়া নিমজ ৰাস্থালৈ উলিয়াই
আনি দূৰ দুৰণিৰ ঠাইৰ লগত সহজ সংযোগ ঘটাই দিলে। বেপাৰ বানিজ্য়ত প্ৰভুত সুফলে
আগবঢ়ালে ঃ ৰপ্তানি আম্দানিৰ সৃষ্টি কৰি নিজ নিজ দেশৰ চহিদা পুৰনৰ লগতে বৈদেশিক
বাণিজ্য়ৰ সৃষ্টি কৰি আৰ্থিক উন্নয়নত ইন্ধন যোগালে। আকাশীযানৰ আবিষ্কাৰে যাতায়ত আৰু
দ্ৰুতা আৰু সহজ্সাধ্য় কৰি তুলিলে। মানুহে কম সময়তে পৃথিবীৰ ইমূৰৰ পৰা সিমুৰৰ লগত
যোগাযোগ ৰক্ষা কৰিব পৰা গল। পৃথিবিখন ঠেক আৰু ক্ষুদ্ৰ কৰি তুলুলে আকাশীযানে । আমি
পুৱাৰ আহাৰ ভাৰতত খাই দুপৰিয়াৰ আহাৰ ইউৰোপৰ কোনো ঠাইত খাব পৰা হলো। কাকত আৰু
ছপাশালত আবিষ্কাৰ হোৱাৰ পৰাই মানুহে অকল যে বিদ্য়া – শিক্ষা কৰি গুণি জ্ঞানী হব
পাৰিছে এনে নহয়, গ্ৰন্থ্ৰ বুকুত জ্ঞান সঞ্চিত কৰি জন্ম-জন্মান্তৰলৈ পুৰুষৰপৰা
পুৰুষলৈ হস্থান্তৰিত কৰিবলি সক্ষম হলো । বাতৰি, আলোচনি ৰ যোগেদি বিশ্বৰ দৈনন্দিন
বা-বাতৰি ঘৰতে বহি জানি লৈ এফালে জ্ঞানৰ প্ৰৰিষৰ বৃদ্বি কৰিব পৰা হলো। আন্হাতেদি
জগতৰ বিভিন্ন সংস্কৃতি আৰু সভ্য়তা গঢ়ি তুলিবলৈ, বিশ্ব- মানবক ভ্ৰাতৃ বুলি আকোৱালি
লবলৈ আগবাঢ়ি যাবলৈ সমৰ্থ হলো। বিজুলি শক্তিৰ আবিষ্কাৰে যান্ত্ৰিক জগতত নৱ উন্মেষৰ
সৃষ্টি কৰি বৃহৎ উদ্য়োগ গঢ়ি তুলি নৱ উৎপাদনেৰে সভ্য়তাক
ক্ষিপ্ৰ গতিৰে আগুৱাই লৈ গৈছে। বিজুলি বন্তিৰে দিন- ৰাতি একাকা এ কৰি আবিৰভাবে কাম
কৰি যাবলৈ মানুহক সহায় কৰিছে। শীতল উত্তাপৰ উম লৈ গৰমত শান্তিৰে বা ছাতি লৈ আৰামেৰে
কৰ্ম কৰিবলৈ বিজুলি পাংখা, শীত তাপ নিয়ন্ত্ৰিত কৰা যন্ত্ৰই অমাক উদ্য়ম আৰু প্ৰেৰণা যোগাইছে; দেহৰ
ক্লান্তি দুৰ কৰাত সহাই কৰিছে।
গ্ৰামোফোনৰ আবিষ্কাৰে সংগীতৰ মধুৰ মাধুৰী উপ্ভোগ কৰাইছে মানুহক; বোল্ছবিৰ আবিষ্কাৰে জীবন গাথাক বাণীবদ্ধা কৰাৰ লগতে অভিনয়ৰ আস্বাদেৰে মানুহক মানসিক মনোৰঞ্জন কৰাৰ লগতে সংগীতৰ অমিয়া ধাৰাৰে হৃদয়ত প্ৰশান্তি আনি দিছে। টেলিভিছনে আৰু এখোপা আগুৱাই গৈ বিশ্বৰ বৰেণ্য়সকলক তেওলোকৰ মহান বাণীৰে সৈতে আমাৰ মুখামুখি কৰি দিয়াৰ উপৰিও সুগায়ক গায়ক – গায়িকা, অভিনেতা, প্ৰথিতযশা নৃত্য়- শিল্পীসকলক আৰু লগতে তেওলোকৰ গীত, অভিনয় নৃত্য় আদিক আমাৰ চকুৰ আগতে দাঙি ধৰি উপভোগ কৰাইছে। টেলিভিচন, কিন্তু অনাতাৰ য্ন্ত্ৰ বা ৰেডিঅ আজি পৃথিবিত প্ৰতি চুকে কোণে সোমাই পৰিছে। পৃথিবীৰ বা বাতৰিৰ আলাপ আলোচনা, মহৎ লোকৰ বাণী, নাট-গীত-মাত আদি লিখা-প্ঢ়া নজনা লোকেও ঘৰতে বহি থাকি শুণিবলৈ,উপভোগ কৰিবসুবিধা পাইছে।
আজিৰ মানুহে পানীৰ কাৰণে নৈ,বিল,নিজৰা ওপৰত নিৰ্ভৰ হবৰ প্ৰয়োজন নাই। গাৱে গাৱে চুবুৰিয়ে চুবুৰিয়ে নলী নাদ্ৰ ব্য়বস্থা হৈছে। পাইপৰ যোগেদি পানী যোগানৰ বহুল ব্য়ব্স্থা নগৰে, চহৰে আন্কি উন্নতিশীল গাওবোৰতো হব লাগিছে; এটা টেপ ঘুৰাই দিয়ে ঘৰৰ ভিতৰতে আমি পৰিষ্কাৰ পানী পাৱলৈ সমৰ্থ্হৈছো। আমাৰ খেতিয়কে পানীৰ কাৰণে এতিয়া মৌছুমিৰ মুখলৈ বাত চাই থকাৰ প্ৰয়োজন নোহোৱা হৈছে। জল-বি্দ্য়ুৎ উৎপাদন কৰি নানা কল কাৰখানা পৰিচলনা কৰি বিভিন্ন উৎপাদন বৃদ্ধি কৰা হৈছে।
টাইপ ৰাইটাৰে অফিচ, কোৰ্ট, কাছাৰীৰ কাম সহজ কৰি তুলিছে। কম্পিউটাৰৰ সহায়ত সূক্ষ্মাতিসূক্ষ্ম গণনাকো নিৰ্ভুল্ভাবে কৰিব পৰা হৈছে।
চিকিৎসাবিজ্ঞানৰ নৱ নৱ আবিষ্কাৰে মানুহৰ পৰমায়ু বৃদ্ধি কৰি মৃত্য়ুৰ হাৰ কমাই পেলাইছে; মানুহে মৰণৰ লগতো সংগ্ৰাম কৰিবলৈ সমৰ্থ হৈছে। আন্কি টেষ্ট টিউবতো প্ৰাণ্ৰ স্ঞ্চাৰ কৰি মানুহে ভগৱানৰ অস্থিত্ব প্ৰত্য়াহ্বান জনাবলৈ সমৰ্থ হৈছে। জিনৰ আবিষ্কাৰে হৃৎপিণ্ডৰ সংযোজনেৰে পৃথিবীত মানুহক দেবত্ব প্ৰদান কৰিছে বিজ্ঞানে। ফ্ৰিজৰ উদ্ভাবনে কোনো খাদ্য় সম্ভাৰকে নষ্ট নোহোৱাকৈ বহু দিনলৈকে ৰাখিবলৈ সমৰ্থ কৰাইছে। অবতৰতো নানা ফ্ল্মূল, শাক-পাচলি যোগান ধৰিবলৈ সমৰ্থ হৈছে। আজিৰ বিজ্ঞানে সৌৰ শ্ক্তিক আয়ত্তৰ অধীনলৈ আনি বিশ্বৰ কল্য়াণ্ত প্ৰয়োগ কৰিবৰ পাৰিছে মহাকাশযানৰ উদ্ভাৱন কৰি গ্ৰহ গ্ৰহান্তৰলৈ পঠাই সেই বোৰৰ বিষয়ে অধ্য়ণত মানুহ ৰত হব পাৰিছে। চ্ন্দ্ৰৰ বুকুত মানুহৰ অৱতৰন সম্ভব কৰি তুলিছে। যন্ত্ৰপাতিয়ে কাপোৰ কানিক আৰম্ভ কৰি নানা বিলাসৰ সম্ভাৰেৰে পৃথিবী উপচাই দি মানুহক আগুৱাই নিচে সভ্য়তাৰ বাটেৰে।
মুঠ্তে মানুহৰ উন্ন্য়নৰ প্ৰতি পদক্ষেপতে বিজ্ঞানে অৰিহণা যোগাই মানুহক সভ্য়তাৰ বটত আগ্বঢ়াই লৈ গৈছে। আজিৰ মানবে সৰ্বতোমৃখী উন্নতি সাধন কৰি আধুনিক স্ভ্য়তাক গঢ়ি তুলিছে বিজ্ঞানৰ প্ৰভাবত । মানব জীবনৰ প্ৰতি প্দক্ষপতে প্ৰতিকুল পৰিস্থিয়ে মানুহৰ শকতিৰ প্ৰত্য়াহ্বান জনাই আহিছে। প্ৰতিকুল পৰিবেশৰ লগত মানুহে সদাই সংগ্ৰামৰ ইতিহাস, সংগ্ৰামেই জীবন। বিজ্ঞানে সেই সংগ্ৰামত ৰথৰ সাৰথি হৈ প্থৰ নিৰ্দেশ দি জয়যাত্ৰাৰ বাটত মানুহক ইন্ধন যোগাইছে। সেয়েহে কুৰিশতিকাত সভ্য়তাৰ পথ প্ৰদৰ্শ্কৰূপে অভিহিত হৈছে।
বিজ্ঞানে এইদৰে অলেখ অৱদানেৰে মানুহক সভ্য়তাৰ বাটত আগুৱাই নিয়া সত্ত্বেও আজৰি সুসভ্য় মানুহে এটা কথা স্বীকাৰ কৰিবলৈ বাধ্য় হৈছে যে বিজ্ঞানে মানুহক সভ্য়তাৰ বাটত আগুৱাই নি নি এনে এটা স্তৰত উপনিত কৰাইছে জ্ৰ পৰা মানুহে শক্তি পৰীক্ষাৰ এক শীতল যুদ্ধত অৱতীৰ্ণ হৈছে। প্ৰতিযোগিতা চলিছে আণবিক শক্তিত কোন কিমান চহকী তাক প্ৰতিপন্ন কৰা। দ্বিতীয় মহাসমৰৰ ভয়াবহ ধ্বংসলীলাই তাৰ চুড়ান্ত নিদৰ্শণ। দ্বিতীয় মহাসমৰে নাগাচাকি আৰু হিৰোচিমাত ধ্বংসৰ যি তাণ্ডৱালী চলালে তাৰ স্মৃতি মানুহে পাহৰিব পৰা নাই। আইকমেনৰ নেতৃত্বত জাৰ্মানীত মানুহে নিধন্ৰ যি মহায্জ্ঞ চলিল। তাৰ ধোৱা ছাইৰ আজিও অন্ত পৰা নাই। বিজ্ঞানৰ এই দানবীয় শক্তিয়ে বিশ্বৰ বুকুত সৃষ্টি কৰাৰ ভয়াৱহ ধ্বংসলীলাই আজিৰ মানুহক আতংকিত কৰি তুলিছে। কাৰণ বিশ্বই আজি জানিছে যে কেইটিমান শক্তিশালী জাতি আজি এনে এক আণবিক শক্তি সম্পন্ন সৰ্বধ্বংসাৰী বোমাৰ অধিকাৰ হৈ পৰিছে যাৰ সহায়ত চকুৰ পচাৰতে বিশ্বৰ বিস্তিত অঞ্চল্ত প্ৰলয়ৰ সূচণা কৰি দিব পাৰে। আন্কি সমগ্ৰ পৃথীবিকো ধ্বংস কৰি দিব পাৰে। আন্হাতেদি যিমানে যান-বাহনৰ সংখ্য়া বাঢ়িছে সিমানে দুৰ্ঘ্ট্না আদিও বৃদ্ধি হোৱাত হাজাৰ হাজাৰ নিৰপৰাধী লোকে নিকৰুণ্ভাবে মৃতুবৰণ কৰিব্লগা হৈছে। বিজ্ঞানে বিশ্বত ভয়াৱহতা বৃদ্ধি কৰিছে। ফলস্বৰূপে বিজ্ঞানে মানব জীবনলৈ অগ্ৰগতিৰ নামত যে কেবল দুখ বেথা বেদনাকেই কঢ়িয়াই আনিছে, এনে নহয় মানুহক প্ৰবঞ্চ্নাও কৰিছে।
আন এটা দিশলৈ লক্ষ্য় কৰিলে আমি দেখিম, বিজ্ঞানে মানুহৰ হাতৰ কাম কাঢ়ি লৈ এক শ্ৰেণিৰ মানুহক কৰ্মহীন, সংস্থাহীন কৰি তুলি অনাহাৰৰ মুখলৈ ঠেলি দিছে। দৰিদ্ৰবোৰ ক্ৰমাৎবেছি দৰিদ্ৰ হৈ গৈছে। ভিক্ষাৰীত পৰিণিত হৈছে। ধনীসকল বেছি ধনী হৈছে। পুজিপতিসকল কৌটিপতি হৈছে। মানুহৰ শান্ত - সুন্দৰ সনাতন জীবন ছন্দ ধৰাৰ বুকুৰ পৰা অন্তনিৰ্হিত হৈছে। কৃত্ৰিম সভ্য়তাৰ সৃষ্টি হৈছে। মানুহে বিজ্ঞানৰ ঐন্দ্ৰ্ৰজালিক প্ৰভাবৰ পৰা বিভীষিকাৰপৰা কেতিয়াবা মুক্তি পাব নে?
এই প্ৰ্শ্নৰ উত্তৰ দিব লাগিব স্বাৰ্থপৰ – লোলুপ, দানবীয় প্ৰবৃত্ত চৰিতাৰ্থ্কাৰী লোক্সকলে।বিজ্ঞানৰ বলত শক্তিশালী হৈ যিসকলে আত্মম্ভৰিতাৰ চৰম নিদৰ্শণ দেখুৱাইছে,সেইসকলে। পৰিবৰ্ত্ণ হব লাগিব নৈতিক চৰিত্ৰৰ, পৰিবৰ্ত্ন হব লাগিব সমাজৰ ব্য়বস্থাৰ। নৰমেধ য্জ্ঞৰ আয়োজনকাৰী ক্ষমতা প্ৰয়াষীসকল্ৰ হাতৰপৰা বিজ্ঞানৰ শ্ক্তি কাঢ়ি আনি শান্তিকামী জনতাৰ হাতত অৰ্প্ণ কৰিব লাগিব। যিসকলে মানুহক গুলিয়াই আত্ম-তৃপ্তি লাভ কৰে যিসলে মানুহৰ আৰ্তনাদ চাই সন্তুষ্টিৰ হাহি মাৰে। তেনে হৃদয়্হীন অমানুহৰ পৰা বিজ্ঞান কাঢ়ি আনি সৰ্ব- ধ্বংসী মাৰণাস্ত্ৰ নিৰ্মান্কাৰী বৃত্ৰাসুৰবোৰৰপৰা আজুৰি আনি বিজ্ঞানক শান্তিপ্ৰিয় মানুহৰ আজ্ঞাবাহী ভৃত্য়ৰূপে গঢ়ি তুলি কেবল কল্য়ানৰ বাবে প্ৰয়োগ কৰিব লাগিব। সেই নহলে এদিন সভ্য়তাও বিপিন্ন হব আৰু লগতে পৃথিবীও ধ্বংসৰ কৰাল গ্ৰাসত পৰি চূৰ্মাৰ হৈ যাব। বিজ্ঞান ধ্বংসশীল নহৈ মানুহৰ দুশ দৰিদ্ৰ্য় নিবাৰণৰ আহিলা হওক কামনা সেয়ে।

Comments
Post a Comment