অসমৰ জাতীয় উৎসৱঃ বিহু- Bihu
এখন ৰাজ্য়ৰ সকলো ধৰ্মৰ, সকলো বৰ্ণৰ মানুহে
স্ব্তঃ স্ফৰ্তভাবে পালন কৰা উৎসৱকে জাতীয় উৎসৱ বোলা হয়। দুৰ্গাপূজা, মহৰম, বৰদিন আদি উৎসৱ পয়োভ্ৰৰেৰে পালন কৰা হয় যদিও এইবোৰ দৰাচলতে আমাৰ দেশৰ জাতীয় উৎসৱৰ লেখত ধৰিব নোৱাৰি, কিয়নো ই মূলতঃ হিন্দু, মুছলমান বা খ্ৰীষ্টানৰহে উৎসৱ । বিহু অসমীয়া জাতি ধৰ্ম নিৰ্বিশেষে অসমীয়া মাত্ৰেই বিহু উৎষব পালন কৰে। সেয়ে অসমীয়াৰ জাতীয় উৎসৱ বুলিলে বিহুকে বুজিব লাগিব। জাতীয় উৎষৱ বুলিলে বিহুকে বুজিব লাগিব। জাতীয় উৎসৱ ৰ মাজেৰে জাতিৰ আচাৰ-বিচাৰ বিশ্বাস, কৃষ্টিকলাৰ প্ৰতিফলন হৈছে।মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ|| shankar dev
কেতিয়াৰ পৰা আৰু কেনেকৈ বিহুৰ প্ৰচলন হল তাক জনা । কিন্তু বিহু যে অসমত বাস কৰা নানান প্ৰজাতিৰ মানুহৰ আচাৰ বিচাৰ স্ভ্য়তা-সংিস্কৃতি ৰ সমম্বয় ই
ধুৰুপ। বিহু তিনিটা--- বহাগ বিহু বা ৰঙালী
বিহু, মাঘ বিহু বা ভোগালী বিহু, আৰু কাতি বিহু বা কঙালী বিহু। দুতা মাহৰ
সংক্ৰান্তিৰ দিনা হয় কাৰণে বিহুক দোমাহীও বোলে।
চ্ত ৰ শেষ দিনাখনৰ পৰা বহাগৰ ছ্য় তাৰিখলৈকে সাত দিন জুৰি বহাগ বিহু বা ৰঙালী বিহু উদযাপন কৰা হয়। ঠাই বিশেষে ৰঙালী বিহুৰ নাচ গান, খুওৱা বুওৱা আদি
কাৰ্য ওৰফে মাহ চ্লে। ৰঙালী বিহুৰ প্ৰ্থম দিনটোক গৰু বিহু বোলে। সৈদিনা ৰতিপূৱাই
গৰুৰ মুৰত আৰু শিঙত সৰিহৰ তেল ঘুহি দিয়া
হয়। তাৰ পিছ্ত দীঘ্লতিৰ নুফুলা ঠাৰিৰে কোবাই কোবাই গৰুবোৰক পথাৰলৈ খেদি নি নৈ বিল বা পুখুৰী ৰ পানীত গা ধুৱাই আৰু
লাও, বেঙেনা আদি খবলৈ দিয়ে। গধুলি তৰা আৰু মৰাপাতেৰে বাটি উলিউৱা ন-প্ঘাৰে গৰুবোৰক
বন্ধা হয়। কোনো কোনো ঠাইত সেই দিনা গধুলি আৰু কোনো কোনো ঠাইত সাত বিহুৰ দিন আগৰা,
বিৰিণা, হাতী-শুৰীয়া, মাখিয়তী আৰু পথৰুৱা বীহলঙনীৰে গোহালীত জাগ বা থুপা দিয়া হয়।
দ্বিতীয় দিনা মানুহ বিহু। নামনি অসমত সিদিনাৰ বিহুক ‘বৰ দোমাহী’ বোলা হয়। সৈদিনা
বন্ধু বান্ধৱ মিতিৰ কুটুমক নিয়ন্ত্ৰন কৰি আনি খুওৱা বুওৱা কৰা হয়। কোনো কোনো থাইত
দুয়ো বিহুতে বিশেষকৈ দুপৰিয়া ভাত নাখায়। জলপান আৰু পিঠা- পৰমান্ন্হে খাই। বয়্সিয়ালসকলে
ৰাতিপুৱা গা-মুৰ ধুই নাম ঘৰত নাম গাই। সৰুৱে ডাঙৰক সেৱা কৰি আশীৰ্বাদ লয়। আৰু ঘৰলৈ
আহি জা জলপান খাই। বহাগ বিহুৰ আচাৰ অনুষ্টান কিছুমান ঠাই বিশেষে কিছু ভিন্নতা আছে।
বিশেষকৈ নামনি অসমত কিছুমান সুকীয়া অনুষ্টান আছে। উজনীৰ ফালে ডেকা লৰাহতে ৰাতি ঘৰে
ঘৰে গাই আৰু দিনত মুকলি পথাৰত ডেকা গাভৰুৱে দ্ল বান্দি বিহুগীত গাই আৰু নাচে। বহাগ বিহুত হিল দ্ল ভাঙি ধুমুহা আহা বুলি লোক বিশ্বাস আছে। ইয়াকে বৰদৈচিলা বোলে।
উজনি নামনি সকলোতে বিহু উপলক্ষে মৰমৰ চিন স্বৰূপে প্ৰিয়-পৰিজনক ন-গামোচা উপহাৰ
দিয়া হয়। ইয়াকে ‘বিহুৱান বুলি কয়। বসন্তকালৰ মাদকতাপূৰ্ণ পৰিবেশত আন্দ্মুখৰ
নাচ-গানেৰে উদযাপিত হয় বাবে এই বিহু টিক “ৰঙালী বিহু” বোলা হয়।
আহিন আৰু কাতি মাহৰ সংক্ৰান্তিত কাতি বা
কঙালী বিহু পালন কৰে। কঙালী বিহুত উল্হ-মাল্হ বেছিকৈ নাথাকে, ভোগ-প্ৰাচুৰ্য্য়অও
নাথাকে। সেয়ে এই বিহুটিক কোৱা হৈ কঙালী বিহু। কিন্তু কঙালী বুলিও এই বিহুটিক তাৎপৰ্য্হীন
নহয়। ধৰ্মীয় আচাৰ অনুষ্টানেৰে শৰৎ্কালীয় এই কাতি বিহু যেন শৰতৰ দৰেই স্নিগ্ধ
সমাহিত ৰূপত আৱিৰ্ভাব হয়। প্ৰাচুৰ্য অহংকাৰ নাশ হলে মানুহৰ অন্তৰ আধ্য়াত্মিকতাৰ জ্য়োতিৰে আলোকিত হয়। কাতি মাহত কৃষিজীৱি অসমীয়াৰ ভৰাল উদং হৈ আহে। নতুন ফচল চ্পোৱাৰ দিনো নৌ হয়। কাজেই ঐহিক প্ৰাচুৰ্য হোৱা দেখা যায়। এই বিহুৰ দিনা মানুহে আকাশ বন্তি জ্বলায়। তুলষিৰ গুৰিত নাম গায়। ভৰাল ঢেকীশাল ধোৱা চাং ধাননি প্থাৰ আৰু ফলান গছ্ৰ গুৰিত চাকি জ্বলায়। অকল বিহুৰ দিনাই নহয়, গোটেই কাতি মাহটোৱে গধুলি নাম-প্ৰসংগ কৰি কটোৱা হয়।
কাতি বিহুৰ পাছ্তে আহে মাঘ বিহু। এই সময়্ত প্থাৰৰ শ্স্য় চ্পোৱা শেষ হয়। সূৰ্যৰ উত্তাৰয়ণ হয়। ঠেৰেঙা লগ়া শীতৰ প্ৰায় অৱসান্ হৈ আহে। প্ৰচুৰ ঘাহ-পানী পাই গৰু
মহবোৰ নিটোল হয়, খীৰতী গাই ৰ গাখীৰ বৃদ্বি হয়॥ নতুন ফচল ওলাই সাময়িক্ভাবে দুখীয়াৰো
অভাব গুচে। খেতি-বাতি চ্পোৱা শেষ হোৱা বাবে মানুহে জীৰনী পায়। সেয়ে এই বিহু হয়
ভোগালী । পিঠা পনা লাডু সান্দহ, গাখীৰ- পায়স খাই খুৱাই মান্হে এই বিহুক পাল্ন কৰে।
অফুৰন্ত আজৰিৰ কাৰণে এই উৎষব্ত খেল ধেমালিৰ পয়োভৰা বেছি।
এই বিহুৰ কেইদিনমান আগৰে পৰা চেঙেলীয়া
ডেকাহতে কাঠ-বাহ গোতাই মুকলি পথাৰ বা আলি- দাতিত অকোটা প্ৰকান্ড দম কৰে । ইয়াকে
মেজি বোলে। ডেকাহতে বিহুৰ দিনা নিশা ভোজ ভাত খাই ওৰে নিশা উজাগৰে থাকি গীত বজনা
কৰি মেজিৰ কাষতে কটাই দিয়ে। পাছ দিনা ৰাতি নৌপুৱাওতেই গা-পা ধুই মেজিত জুই লগায়
দিয়ে। ৰাতিপুৱা সকলো মানুহ আহি মেজিৰ জুই পুৱাই। মেজিলৈ মাহ তিল চাউল আদি দ্লিয়াই
সেৱা কৰে। এই বিহু দুদিন হয়। আৰু দুয়োদিনে মেজিৰ কাষত বা নাম ঘৰত নাম গোৱা হয়। এই
বিহুতো সৰুৱে ডাঙৰৰ ওচৰত আঠু লৈ আশীৰ্বাদ
বিচাৰে আৰু ডাঙৰেও আশীৰ্বাদ দি সৰুক মৰম যাচে। ভোগালী বিহুত পিছে আজিকালি
আমাৰ চেঙেলীয়া ডেকাহতে অশোভন কামো প্ৰায় কৰা দেখা যায়—মেজিত কেতিয়াবা চুৰ তাৰি কৰি
লোকৰ ঘৰৰ চকী মেজ টাটী চ্কোৱা অদি আনি জাপি দিয়ে। এয়া কেতিয়াও বিহুৰ বৈষিস্থ হব
নোৱাৰে। এইবোৰ বেয়া কাম কৰি বিহুৰ ঐতিহ্য়, গাম্ভীৰ্য আৰু পবিত্ৰতা নষ্ট কৰিব
নালাগে।
আমাৰ তিনিটা বিহুৰ লগত বিষুৱীয় বতৰৰ
সম্ব্ন্ধ আছে। তিনিওতা বিহুৱে সৃৰ্যৰ তিনটা বিশেষ অবস্থান কালত উদযাপিত হয়।
সেইবাবে কোনো কোনো পন্ডিতে বিষুৱ শব্দৰ পৰাই বিহু শব্দ্টো উৎপত্তি হোৱা বুলি মত
দিয়ে। বিহু উৎসৱৰ আচাৰ অনুস্থান ,নাচ গান সময় আদিলৈ চাই যে মূলতে কৃষি-উৎসৱ এই কথা
সহজতে বুজিব পাৰি।
বিহু গীত আৰু বিহু নাচ অসমীয়া সংস্কৃতিৰ
এটা বিশিস্ট অংগ। বিহুৰ আধ্য়াত্মিক অনুস্থানৰ মাজত শান্তি আৰু ডেকা-গাভৰুৰ
মুকলিমুৰিয়া নৃত্য় গীতৰ মাজত শ্ক্তি আৰু মুক্তিৰ সাহৰি পোৱা যায়।
সেয়ে বিহু শান্তি, শ্ক্তি আৰু মুক্তিৰ প্ৰতিক।

Comments
Post a Comment